img1

উত্তৰ-পূব ভাৰতবর্ষৰ জনসাধাৰণৰ জীৱন আৰু কৃষ্টি, এই অঞ্চলৰ বিভিন্ন খিলঞ্জীয়া জাতি, জনগোষ্ঠী, যিসকলে সৃষ্টি কৰিছে এক সাংস্কৃতিক বৰ্ণ-বৈচিত্ৰ্য সৌন্দৰ্য আৰু প্ৰাচুৰ্যৰ ফালৰপৰা যি সাধাৰণতঃ ভাৰতবৰ্ষৰ আৰু মূলতঃ অসমৰ সুৰভি—এই সকলোবোৰৰ এক মহাপ্ৰদৰ্শনৰ আধাৰক্ষেত্ৰ হ’ল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ।

অসমৰ এগৰাকী মহান সংগঠক তথা পঞ্চদশ শতিকাৰ ভাৰতীয় সমাজৰ মহান সমন্বয়কসকলৰ অন্যতম শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে নামকৰণ হোৱা কলাক্ষেত্ৰ সমাজে ভৱিষ্যদ্ৰষ্টা মহাপুৰুষগৰাকীৰ কলাকৃষ্টি সংগ্ৰহ কৰাৰ লগতে তেওঁৰ মহৎ কৃতিৰ সুৰভি বিলাবলৈ যত্নৱান; যিগৰাকীয়ে ভিন্নতাৰ মাজত একতা আৰু বিশ্বভ্ৰাতৃত্বৰ হকে অহোপুৰুষাৰ্থ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই ৰাজ্যখনত বাস কৰা বিভিন্ন খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ পুনঃসংস্থাপন, গৱেষণা, প্ৰসাৰ আৰু বিকাশৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে।